নিউজ ডেস্ক : দেশত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে ক’ভিডৰ দ্বিতীয়টো ঢৌ। বিগত কিছুমাহ।ধৰি সমগ্ৰ দেশতে তাণ্ডৱ চলাই থকা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰিছে। মঙলবাৰৰ দিনটো দেশৰ ক’ভিড সৃষ্ট পৰিৱেশৰ ভিতৰত ভাল দিন আছিল বুলি উল্লেখ কৰিব পাৰি। ৮১ দিনৰ পিছত মঙলবাৰে দেশত সবাতোকৈ কম ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪৫ হাজাৰ ৯৫১ জন লোক। আনহাতে মঙলবাৰৰ দিনটোত দেশত মৃত্যুৰ মুখত পৰে ৮১৭ জন ক’ভিড ৰোগী। বিগত ৮১ দিনৰ পিছত দেশত মঙলবাৰে ইমান কম সংখ্যক ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে। ইফালে যোৱা তিনিদিন ধৰি দেশত ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যা এহাজাৰৰ তলত আছে।
উল্লেখ্য যে মঙলবাৰে দেশত ৪৫ হাজাৰ ৯৫১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে ক’ভিড যুঁজত বিজয়ী হৈ ৬০ হাজাৰ ৭৯০ জন লোক সুস্থ হৈ উঠিছে। বৰ্তমানলৈকে দেশত ক’ভিড আক্রান্ত লোকৰ মুঠ সংখ্যা হৈছে ৩,০৩,৬২,৮৪৮। আনহাতে দেশত সুস্থ উঠা ৰোগীৰ সংখ্যা হৈছে ২,৯৪,২৭,৩৩০।
লগতে পঢ়ক : মাজুলীৰ মিনি সচিবালয়ৰ নিৰ্মাণৰত অৱস্থাতে দেৱালত মেলিছে বৃহৎ ফাট
ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা লোকৰ সংখ্যা হৈছে ৩,৯৮,৪৫৪। ইফালে দেশত মঙলাবাৰৰ দিনটোৰ কেৰেলা, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক এই পাঁচখন ৰাজ্যত সবাতোকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছে।