নিউজ ডেস্কঃ বিগত কিছুদিনৰ পৰা দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণৰ হাৰ। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি পাইছে। সুদীৰ্ঘ তিনিমাহৰ মূৰত দৈনিক ক’ভিডত আক্ৰমণৰ সংখ্যা ৮ হাজাৰলৈ বৃদ্ধি পাইছে। বুধবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৮,৮২২ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। মুঠতে বৰ্তমানলৈকে ক’ভিড আক্ৰান্ত হৈছে মুঠ ৪,৩২,৪৫,৫১৮জন ।
আনহাতে ২৪ ঘণ্টাত ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১৫ জন লোকৰ মৃত্যু হৈছে। মুঠতে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৫,২৪,৬৯২ জন।
দেশত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৫৩,৭৩৬ জন। ক’ভিডৰ পৰা আৰোগ্য হোৱা ৰোগীৰ হাৰ ৯৮.৬ শতাংশ। যোৱা ২৪ ঘণ্টাত ৫৬১৮জন লোক সুস্থ হৈ উঠিছে ক’ভিডত।