নিউজ ডেস্কঃ আজি পশ্চিমবংগৰ ৩০ টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। প্ৰায় ৭৫ লাখ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৯১ জন প্ৰাৰ্থীৰ।
আজিৰ ভোটগ্ৰহণত বিয়লী ৫.৩০ বজালৈকে ৮৪.৪৩ শতাংশ ভোটদান সম্পন্ন হৈছে।
ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ঠায়ে ঠায়ে হিংসাত্মক ঘটনা হোৱাৰ খবৰ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
আৰু পঢ়কঃ জনপ্ৰিয় অভিনেত্ৰী তথা সাংসদ কিৰণ খেৰ ব্লাড কেন্সাৰত আক্ৰান্ত
তৃণমূল কংগ্ৰেছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা কৰা নন্দীগ্ৰাম সমষ্টিত বিজেপিয়ে ভাবুকি দিয়াৰ অভিযোগ তুলি নিৰ্বাচন আয়োগক ৬৩ খন অভিযোগ পত্ৰ দিছে।
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিজেই ফোনযোগে ৰাজ্যপালক বিজেপিৰ বিৰুদ্ধে অভিযোগ দিছে।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা কৰা নন্দীগ্ৰামত মুখামুখি হৈছে বিজেপিৰ সুভেন্দু অধিকাৰীৰ সৈতে।
পশ্চিমবংগ বিধানসভাৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ পূর্বে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে কেইবাগৰাকীও অ–বিজেপি নেতাক এই মুহূর্তত ঐক্যবদ্ধ হ’বলৈ এখন পত্রৰে আহ্বান জনায়৷
তিনি পৃষ্ঠাৰ এই পত্রখনত বেনার্জীয়ে বিজেপিৰ বিৰুদ্ধে কঠোৰ অভিযোগ আনি কৈছে যে গেৰুৱা দলটোৱে দেশৰ সাংবিধানিক যুক্তৰাষ্ট্রীয়তাবাদ আৰু গণতন্ত্রক আঘাত কৰিছে৷
আৰু পঢ়কঃ টীয়কত ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ ব্যক্তিগতভাৱে আৰম্ভ কৰিলে সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয়
ভাৰতত বিজেপিয়ে এক দলীয় প্রভুত্ববাদী শাসন ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলোৱা বুলিও উল্লেখ কৰিছে নেত্রীগৰাকীয়ে ৷
গতিকে দেশৰ গণতন্ত্রক ৰক্ষাৰ বাবেই মমতা বেনার্জীয়ে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে এই পত্রখনৰ জৰিয়তে৷
এই পত্রখন মমতাই প্রেৰণ কৰিছে ছোনিয়া গান্ধী, শাৰদ পাৱাৰ, উদ্ধৱ থাকৰে, অৰবিন্দ কেজৰিৱাল, তেজস্বী যাদৱ, অখিলেশ যাদৱ, এম কে ষ্টেলিন প্রমুখ্যে নেতা–নেত্রীসকললৈ৷