নিউজ ডেস্ক : দেশত অব্যাহত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱলীলা। এপ্ৰিলৰ প্ৰথম ভাগৰে পৰা ভয়াবহ ৰূপ ধাৰণ কৰা ক’ভিডৰ দ্বিতীয়টো ঢৌ জুন মাহৰ প্ৰথম ভাগৰে পৰা কিছু নিয়ন্ত্ৰণলৈ আহিছে। এপ্ৰিলৰ পৰা মে’ মাহৰ শেষ পর্যন্ত দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হৈ আছিল যদিও জুনত আক্রান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে। শুকুৰবাৰে দেশত ৭০ দিন পিছত আটাইতকৈ কম সংখ্যক লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়। আক্রান্ত সংখ্যা শুকুৰবাৰৰ দিনটোত কম আছিল যদিও মৃতকৰ সংখ্যা পুনৰ বৃদ্ধি পায় শুকুৰবাৰে।
কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৮৪ হাজাৰ ৩৩২ জন লোক। ৭০ দিনৰ পিছত শুকুৰবাৰৰ দেশত আটাইতকৈ কম সংখ্যা লোক ক’ভিডত আক্রান্ত হয়। ইয়াৰ পৰিবৰ্তে শুকুৰবাৰে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পায়। শুকুৰবাৰে দেশত মৃত্যুৰ মুখত পৰে ৪ হাজাৰ ২ জন ক’ভিড ৰোগী। ইফালে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ১ লাখ ২১ হাজাৰ ৩১১।
লগতে পঢ়ক : বাক্সা জিলাৰ মুছলপুৰৰ ভাৰত-ভূটান সীমান্তত দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ
উল্লেখ্য যে দেশত ক’ভিডৰ শক্তি পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত পাঁচ দিন ধৰি দেশত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ১ লাখৰ তলত আছে। ক’ভিড সংক্ৰমণৰ হাৰ দেশত হ্ৰাস পাইছে যদিও আক্রান্ত ৰোগীৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ অহা নাই। ইফালে দেশৰ ৰাজধানী দিল্লীতো পূৰ্বৰ তুলনাত ক’ভিড আক্রান্তৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। দিল্লীত শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয় ২৩৮ জন লোক।