নিউজ ডেস্ক : ৬৩ দিনৰ পিছত দেশত ১ লাখৰ তলত নামিল ক’ভিড আক্রান্তৰ সংখ্যা। আক্রান্তৰ সংখ্যাৰ লগতে দেশত হ্ৰাস পাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও। সোমবাৰে দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৮৬ হাজাৰ ৪৯৮ জন লোক। আনহাতে সোমবাৰৰ দিনটোত দেশত মৃত্যুৰ মুখত পৰে ২ হাজাৰ ১১৫ জন ক’ভিড ৰোগী।
এপ্ৰিল মাহৰে পৰা দেশত মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ চলাই আছে। এপ্ৰিল আৰু মে’ এই দুটা মাহত দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে প্ৰতিদিনে মৃত্যুৰ মুখত পৰিছিল ৩ ৰ পৰা ৪ হাজাৰ লোক। কিন্তু মে’ মাহৰ শেষৰ পৰা দেশৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে।
দেশত ক’ভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। সোমবাৰে ৬৩ দিনৰ পিছত দেশত ১ লাখৰ তলত নতুন লোক ক’ভিডত আক্রান্ত হয়। সোমবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৮৬ হাজাৰ ৪৯৮ জন লোক। ইয়াৰ পূৰ্বে দেশত ১ লাখৰ তলত ক’ভিডত নতুনকৈ লোক আক্রান্ত হৈছিল যোৱা ৫ এপ্ৰিল তাৰিখে।
আৰু পঢ়কঃ ৰাজ্যত ভেকচিনৰ নাটনি : সময়সীমা পাৰ হোৱাৰ পিছতো দ্বিতীয়টো পালি লাভ কৰা নাই বহুজনে
আনহাতে সোমবাৰে দেশত মৃত্যুৰ মুখত পৰে ২ হাজাৰ ১১৫ জন ক’ভিড ৰোগী। ইফালে দেশত ৬৬ দিন পূৰ্বে অৰ্থাৎ ১ এপ্ৰিল তাৰিখে নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ৮১ হাজাৰ লোক। ইয়াৰ পিছৰে পৰা দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছিল আক্রান্তৰ সংখ্যা।