নিউজ ডেস্ক : পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ। এখন যাত্ৰীবাহী বাছত হোৱা বোমা বিস্ফোৰণৰ ফলত ১৩ জনকৈ লোকৰ মৃত্যু হয়। মাতৃক সকলৰ মাজত আছে ৯ জনকৈ চীনা অভিযন্তা।
বুধবাৰে পাকিস্তানত সংঘটিত হয় এক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। এখন যাত্ৰীবাহী বাছত হোৱা বোমা বিস্ফোৰণৰ ফলত চীনৰ ৯ জনকৈ অভিযন্তাসহ ১৩ জনকৈ লোকৰ মৃত্যু হয়। এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
পাকিস্তানত চীন-পাকিস্তান ইকনমিক কৰিডোৰ আঁচনিৰ অধীনত নিৰ্মীয়মান ডেমত কৰ্মৰত চীন অভিযন্তা আৰু পাকিস্তানৰ কৰ্মচাৰী সকলক লৈ যাত্ৰা কৰা বাছত বোমা বিস্ফোৰণ হোৱা জানিব পৰা গৈছে। বাছখনত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
বোমা বিস্ফোৰণৰ ফলত বর্তমানলৈকে ১৩ জনকৈ লোকৰ মৃত্যু হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে বাছখনত বোমা বিস্ফোৰণ হোৱা অঞ্চলটোত মঙলবাৰে পাকিস্তানৰ উগ্ৰপন্থী সংগঠন তহৰিক-এ-তালিবানে ১১ জনকৈ পাকিস্তানী সৈনিকৰ হত্যা কৰিছিল।
লগতে পঢ়ক : আঞ্চলিকতাবাদী চোলা খুলি কংগ্ৰেছী হ’ল মনজিৎ মহন্ত
পাকিস্তানৰ উগ্ৰপন্থী সংগঠনটোৱে ৪ জনকৈ পাকিস্তানী সৈনিকক অপহৰণ কৰিও নিছিল। বুধবাৰৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগত কোন জড়িত এই সম্পৰ্কে তদন্ত অব্যাহত আছে। উল্লেখ্য যে আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য উভতি যোৱাৰ পিছৰে পৰা আফগানিস্তান আৰু পাকিস্তানৰ উগ্ৰপন্থী সংগঠন সমূহ পুনৰ সক্ৰিয় হৈ উঠিছে।