নিউজ ডেস্কঃ সুদীৰ্ঘ ১৪ বছৰৰ পিছত দেশত বৃদ্ধি কৰা হৈছে দিয়াশলাই কাঠীৰ মূল্য। ১ ডিচেম্বৰৰ পৰা প্ৰতিটো দিয়াশলাই বাকচৰ মূল্য হ’ব ২ টকা।ইয়াৰ পূৰ্বে ২০০৭ চনত ৫০ পইচাৰ পৰা ১ পইচালৈ বৃদ্ধি কৰা হৈছিল।
বৃহস্পতিবাৰে শিৱকাশীত অনুষ্ঠিত হোৱা All India Chamber of Matchesৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।
কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে All India Chamber of Matches ৰ প্ৰতিনিধিসকলে সৰ্বসন্মতিক্ৰমে ১ ডিচেম্বৰৰ পৰা দিয়াশলাই বাকচৰ মূল্য ১ টকাৰ পৰা ২ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
বৰ্তমান, দেশত ৬০০ টা দিয়াশলাই বাকচৰ এটা পেকেট (প্ৰতিটো বাকচত থাকে ৫০ টা কাঠী) ২৭০টকাৰ পৰা ৩০০ টকাত বিক্ৰী কৰা হয়। কিন্তু এতিয়া প্ৰতিটো পেকেটত বিক্ৰী মূল্য ৬০ শতাংশ বৃদ্ধি কৰি ৪৩০-৪৮০ টকা কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰে ১২ শতাংশ জিএছটি কিন্তু পৰিবহন ব্যয় অন্তৰ্ভুক্ত নহয়।
লগতে পঢ়কঃএকাংশ মোবাইলত বন্ধ হ’ব Whatsapp
১৪ বছৰ ধৰি মুদ্ৰাস্ফীতিৰ প্ৰভাৱে দিয়াশলাইৰ নিৰ্মাণতো প্ৰভাৱিত কৰে নে নকৰে তাৰ কাৰণ বাখ্য়া কৰি এগৰাকী প্ৰতিনিধিয়ে কয় যে দিয়াশলাই বাকচবোৰৰ নিৰ্মাণৰ ক্ষেত্ৰটো প্ৰতিবাৰেই মুদ্ৰাস্ফীতিৰ প্ৰভাৱ পৰে, কিন্তু ইয়াৰ আকাৰ আৰু কাঠীৰ সংখ্যা সাল-সলনি কৰি সাধাৰণ মানুহৰ বাবে ইয়াক সহজ কৰি তোলা হৈছে, কিন্তু এতিয়া ব্যয় ইমানেই বৃদ্ধি পাইছে যে মূল্য বৃদ্ধি নকৰাকৈ নিৰ্মাণ কাৰ্য সম্ভৱ নহয় ।
উল্লেখ্য যে,দিয়াশলাই বাকচ নিৰ্মাণ কৰা তামিলনাডুত থকা উদ্যোগটোত প্ৰায় ৫ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত হৈ আছে। তেওঁলোকৰ ভিতৰত প্ৰায় ৯০ শতাংশই মহিলা।