আধাৰ আৰু পান কাৰ্ডৰ সংযোগ

পেন কাৰ্ডৰ সৈতে আধাৰৰ লিংক কৰিবলৈ ভাৰত চৰকাৰে দিয়া নিৰ্দেশ বছৰেই হ’ল কিন্তু এতিয়াও বহুজনে এইকাম কৰা নাই | নকৰিলে আপুনি হয়তো সমস্যাত পৰিব পাৰে | সেইবাবে সোনকালেই কৰক , হাতত আছে মাত্ৰ দহটা দিন | তাৰ পিছত আৰু এই সুযোগ হয়তো আপুনি নাপাব পাৰে |

শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকে ইয়াৰ ৪৪ কোটি গ্ৰাহকৰ বাবে জাৰি কৰিছে এক বিশেষ ঘোষণা। এছ বি আইয়ে টুইটাৰৰ জড়িয়তে জনাইছে যে, পেন আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক।ইয়াৰ বাবে আপোনাৰ হাতত সময় আছে মাত্ৰ ১০ দিন। এছ বি আইৰ ফালৰ পৰা কোৱা হৈছে পেন আৰু আধাৰ লিংক নকৰিলে বেংকৰ লেনদেনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব।

ষ্টেটবেংকৰ নিৰ্দেশ

গ্ৰাহকসকলে নাপাব কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা। পেন আৰু আধাৰ লিংক নকৰিলে এছ বি আইৰ গ্ৰাহকসকলে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও এছ বি আইয়ে গ্ৰাহকসকলক কে ৱাই চি আপডেট কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। গ্ৰাহকসকলে কে ৱাই চি আপডেট কৰিবলৈ বেংকলৈ নগলেও হ’ব। ডাক আৰু ইমেইলৰ জড়িয়তেও গ্ৰাহকসকলে নিজৰ কে ৱাই চি আপডেট কৰিব পাৰিব।

কেনেকৈ কৰিব এই কাম:

৩০ জুনৰ ভিতৰত কৰিব লাগিব এই কাম আপুনি
SMS জৰিয়তে কৰিব পাৰিব আধাৰ আৰু পান কাৰ্ডৰ সংযোগ

প্ৰথমে লিখক : UIDPAN তাৰ পিছত SPACE দিয়ক ১২সংখ্যাৰ আধাৰৰ নম্বৰ লিখক পুনৰ SPACE দিয়ক ১০টা সংখ্যাৰ পান কাৰ্ডৰ নম্বৰ লিখক আৰু পঠিয়াই দিয়ক 567678 অথবা 56161 নম্বৰলৈ |

অন লাইন জৰিয়তে এইকাম কৰিব পাৰে | তাৰ বাবে যাব লাগিব এইটো ৱেবচাইট লৈ |
www.incometaxindiaefiling.gov.in
এই কাম নকৰিলে আপুনি ১০০০ টকা ভৰিব লাগিব |

লগতে পঢ়ক এইবাৰ পঞ্চায়ত সচিবৰ বিৰুদ্ধে চৰকাৰী ঘৰৰ নামত ধন সংগ্ৰহৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply