বলীউডত আকৌ বিবাহ বিচ্ছেদৰ খবৰ । দ্বিতীয়বাৰৰ বাবে বিচ্ছেদৰ সিদ্ধান্ত ল’লে বলীউদ অভিনেতা আমিৰ খানে । পত্নী তথা প্ৰযোজক কিৰণ ৰাওঁৰ সৈতে বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিলে আমিৰ খানে। অৱশ্যে বিবাহ বিচ্ছেদ হলেও তেওঁলোকে একেলগে আগন্তুক সময়ত কাম কৰাৰ লগতে পুত্ৰ আজাদৰ অভিভাৱক হিচাপে সকলো দায়িত্ব কৰিব দুয়োৱে।

বিবাহ বিচ্ছেদৰ পাছে আমিৰ খানে ছচিয়েল মিডিয়াত লিখিছে ১৫বছৰীয়া বৈবাহিক জীৱনৰ বহু মধুৰ অভিজ্ঞতা। তেওঁ লিখিছে- এই ১৫টা বছৰত আমি জীৱনটো হাঁহি-ধেমালিৰে উপভোগ কৰিছো। বিশ্বাস, সন্মান, প্ৰেম সকলোবোৰ বৃদ্ধি পাইছিল এই ১৫টা বছৰত। আমি এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিব বিচাৰো। স্বামী-পত্নী হিচাপে নহয় এজন আনজনৰ সহকৰ্মী তথা অভিভাৱক হিচাপে। তেওঁলোকে এই সন্দৰ্ভত কয়, “আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো। এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে।”

উল্লেখ্য যে আমিৰ খানে ২০০২ চনত প্ৰথম পত্নী ৰীনা দত্তৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল। তাৰপাছত ‘লগন’ ছবিৰ ছেটত কিৰণ ৰাওৰ সৈতে পৰিচয় হয় আমিৰৰ। দীৰ্ঘদিন ধৰি লিভ-ইন সম্পৰ্কত থকাৰ পিছত আমিৰে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। ২০১১ চনত তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ জন্ম হয়। ২০১১চনত আমিৰ-কিৰনৰ সংসাৰলৈ ছাৰোগেছিৰ জৰিয়তে আহিছিল পুত্ৰ আজাদ। আমিৰ খানৰ প্ৰথমা পত্নী ৰীনাৰ সৈতেও আছে আমিৰৰ পুত্ৰ জুনেইদ আৰু কন্যা ইৰা।