প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্ক- বলীউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খান কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

বৰ্তমান নিজকে কোৱাৰেন্টাইন কৰি ৰাখিছে অভিনেতাগৰাকীয়ে।

অভিনেতা গৰাকীয়ে সকলো প্ৰট’কল অনুসৰণ কৰি থকাৰ লগতে তেওঁ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লৈছে বুলি এক বিবৃতি যোগে সদৰী কৰে আমিৰ খানৰ মুখপাত্ৰগৰাকীয়ে ৷

অভিনেতাগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী লোকক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনাইছে।

আৰু পঢ়কঃ দেশত ক’ৰোনাৰ দ্বিতীয় ঢৌ, ৰাজ্যত পুনৰ ৫২জনৰ দেহত ক’ৰোনা ভাইৰাছ

উল্লেখ্য যে ১৪ মাৰ্চত অভিনেতাগৰাকীয়ে নিজৰ ৫৬বছৰীয়া জন্মদিন পালন কৰিছিল। জন্মদিন উদযাপনৰ পিছৰ দিনাই তেওঁ ছচিয়েল মিডিয়া ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

ইতিমধ্যে বলীউদৰ কেইবাগৰাকীয়ো অভিনেতা কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে।

অভিনেতা সতীশ কৌশিক, ৰণবীৰ কাপুৰ, মনোজ বাজপেয়ী, সিদ্ধান্ত চতুৰ্বেদীৰ লগতে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ো আক্ৰান্ত হৈছে কভিড১৯ত।

বৰ্তমান আমিৰ খানৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।

আৰু পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাই পৃথিৱীত কেৱল মাত্ৰ বদৰুদ্দিন আজমলক ভয় কৰে : বদৰুদ্দিন আজমল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply