নিউজ ডেস্কঃ আম আদমি পাৰ্টীয়ে এইবাৰ গুজৰাটক লক্ষ্য কৰি লৈছে। দুদিনীয়াকৈ ভ্ৰমণসূচীৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল গুজৰাটত উপস্থিত হয়। প্ৰথম দিনৰ কাৰ্যসূচীত পঞ্জাৱৰ মুখ্যমন্ত্ৰী মানৰ সৈতে অৰবিন্দ কেজৰিৱালে আজি আহমেদাবাদৰ সাৰবমতী আশ্ৰমত উপস্থিত হয় আৰু চহৰখনত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।
এই ৰোড শ্ব’ কাৰ্যসূচীৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়- ‘আম আদমি পাৰ্টীক এবাৰ সুযোগ দিয়ক’। কেজৰিৱালে লগতে কয় যে- পঞ্জাৱত ভগৱন্ত মানৰ চৰকাৰ গঠন হোৱাৰ ১০দিন পাছতে দুৰ্নীয়ি-অনিয়ম সম্পূৰ্ণ শেষ হৈছে। দিল্লীত পূৰ্বতে এই কাম কৰা হৈছে।
কেজৰিৱালে তাৰপাছত উপস্থিত গুজৰাটৰ ৰাইজক প্ৰশ্ন কৰে যে- গুজৰাটতো উৎকোচ বিচৰা হয় নেকি? এই প্ৰশ্নৰ উত্তৰত উপস্থিত ৰাইজে ‘হয়’ বুলি উত্তৰ দিয়ে। তাৰপাছত তেওঁ কয়- গুজৰাটত বিজেপিয়ে ২৫ বছৰ শাসন কৰিলে। এতিয়া আম আদমি পাৰ্টীক এটা সুযোগ দিয়া দিব লাগে, যাতে অনিয়ম-দুৰ্নীতি শেষ কৰিব পাৰি।