নিউজ ডেস্কঃ ক্ৰিকেট জগতৰ পৰা ৰাজনীতি ভৰি দিয়া হৰভজন সিঙে শনিবাৰে এক বিশেষ ঘোষণা কৰে। তেওঁ কয়- দেশৰ কৃষকসকলৰ কন্যা সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে তেওঁ নিজৰ ৰাজ্যসভাৰ বেতন খৰচ কৰিব।
লগতে তেওঁ কয় যে- ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁ দেশৰ উন্নতিৰ বাবে পাৰ্যমানে চেষ্টা চলাই যাব। উল্লেখ্য যে, শেহতীয়াকৈ হৰভজন সিঙে পঞ্জাৱৰ আম আদমী পাৰ্টীত যোগদান কৰে আৰু তাৰপাছত তেওঁ ৰাজ্যসভাৰ সদস্য হয়।
শনিবাৰে টুইটাৰত সিঙে লিখিছে যে- ‘ৰাজ্যসভাৰ এগৰাকী সদস্য হিচাপে মই কৃষকসকলৰ কন্যাসকলৰ শিক্ষা আৰু সামাজিক কামবোৰৰ বাবে ৰাজ্যসভাৰ সদস্য হিচাপে লাভ কৰা বেতন ব্যয় কৰিব বিচাৰো। মই মোৰ দেশখনক আৰু অধিক উন্নতিৰ ক্ষেত্ৰত এনেদৰে আগবাঢ়িব বিচাৰো। আৰু ইয়াৰ বাবে মই যি পাৰো কৰি যাম।’
কিছুদিন পূৰ্বে হৰভজন সিঙে পঞ্জাৱৰ আম আদমী পাৰ্টীৰ তৰফৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে, শেহতীয়াকৈ পঞ্জাৱত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আম আদমী পাৰ্টী।