নিউজ ডেস্কঃ ভাৰতত তীব্ৰগতিত বৃদ্ধি পাইছে কৰোণা সংক্ৰমণ। শুকুৰবাৰে পুনৰ কৰোনাত আক্ৰান্তৰ হাৰ ঊৰ্দ্ধমুখী হৈছে। পৰিয়াল আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ঘন্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে মুঠ ১৭হাজাৰ ৭০জন। ইয়াৰ লগে লগে বৰ্তমান ভাৰতত কৰোনাত সক্ৰিয় ৰোগীৰ সংখ্যা ১,০৭,১৮৯লৈ বৃদ্ধি পালে। যি নেকি পূৰ্বৰ তুলনাত ২,৬৩৪ জন বেছি। দেশত বৰ্তমান সক্ৰিয় কৰোনা ৰোগীৰ হাৰ ০.২৫ শতাংশ।
২৪ঘন্টাৰ ভিতৰত কৰোনাত মৃত্যু হৈছে ২৩জনৰ। বৰ্তমানলৈকে ভাৰতত কৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫লাখ ২৫ হাজাৰ ১৩৯জন। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে সৰ্বমুঠ ৪কোটি ২৮লাখ ৩৬হাজাৰ ৯০৬জন।