নিউজ ডেস্কঃ পুনৰ বলীউদৰ আন এজন তাৰকাৰ মৃত্যু। হৃদৰোগত আক্ৰান্ত হৈ জনপ্রিয় অভিনেতা অমিত মিস্ত্ৰীৰ দেহাৱসান ঘটে।
তেওঁৰ মেনেজাৰ মহৰ্ষি দেশাই এই বেয়া খবৰটো সকলোকে অৱগত কৰে।
শুকুৰবাৰে পুৱা হঠাৎ অভিনেতাজনে বুকুত বিষ অনুভৱ কৰে। পৰিয়ালৰ লোকে হস্পিতাললৈ নিবলৈ যো-জা চলাইছিল যদিও হস্পিতাললৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় তাৰকাগৰাকীৰ।
আৰু পঢ়কঃ কভিড-১৯ত আক্ৰান্ত হৈ বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়ৰ মৃত্যু
অমিত মিস্ত্ৰীয়ে বলীউডৰ ক্যা কহনা,এক চাল্লিছ কি লাষ্ট ল’কাল,ছ’ৰ ইন দ্য চিটি,য়ামলা পাগলা দিৱানা,এ জেণ্টেলমেন আদি জনপ্ৰিয় ছবিত অভিনয় কৰিছিল।
শেহতীয়াকৈ তেওঁ আমাজান প্ৰাইম ছিৰিজৰ ”বন্দিছ বন্দিছত” অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।