নিউজ ডেস্কঃ টেলিভিছনৰ তথা বলীউডৰ জনপ্ৰিয় অভিনেতা বিক্ৰমজিৎ কঁৱৰপলৰ দেহাৱসান ।

কৰোনাত আক্ৰান্ত হৈ শনিবাৰে পুৱা মৃত্যু হয় অভিনেতা গৰাকীৰ।

মৃত্যুৰ সময়ত বিক্ৰমজিৎ কঁৱৰপলৰ বয়স আছিল ৫২ বছৰ।

বিক্ৰমজিৎ কঁৱৰপলে ২০০৩ চনত অভিনয়ৰ ক্ষেত্ৰখনত প্ৰথম খোজ দিছিল।

অভিনয়ৰ ক্ষেত্ৰখনলৈ অহাৰ পূৰ্বে তেওঁ এগৰাকী আৰ্মী অফিচাৰ আছিল।

তেওঁ চিনেমাৰ লগতে কেইবাখনো ৱেব ছিৰিজত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে।

বিক্ৰমজিৎ কঁৱৰপলৰ মৃত্যুত সমগ্ৰ বলীউডৰ লগতে তেওঁৰ শুভাকাংক্ষীসকল শোকত ম্ৰিয়মাণ হৈ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply