নিউজ ডেস্কঃ পাঞ্জাবী চলচ্চিত্ৰৰ প্ৰখ্যাত অভিনেতা, সমাজকৰ্মী দীপ সিদ্ধুৰ মৃত্যু। দিল্লীৰ সমীপৱৰ্তী কুণ্ডলী-মানেচাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হয় দীপ সিদ্ধুৰ।

মঙলবাৰে দিল্লীৰ পৰা পঞ্জাৱৰ ভাটিণ্ডা অভিমুখে তেওঁৰ স্কৰপিঅ’ৰে গৈ থাকোতে নিশা ৯:৩০ বজাত এখন ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য যে, দেশজুৰি চৰ্চা হোৱা কৃষক আন্দোলনৰ সময়ত গণৰাজ্য দিৱসত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীৰ মাজতে প্ৰতিবাদ কৃষকসকলে লালকিল্লাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ পিছতে প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল। লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰা গোচৰত মূল অভিযুক্ত দীপ সিদ্ধুক যোৱা বছৰ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তেওঁ এপ্ৰিলত জামিন লাভ কৰিছিল যদিও জামিন পোৱাৰ ঠিক পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এপ্ৰিলৰ শেষৰ ফালে তেওঁক দ্বিতীয়বাৰৰ বাবে জামিনত মুকলি কৰি দিয়া হৈছিল।

দীপ সিদ্ধুৰ মৃত্য়ুত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে, পঞ্জাৱৰ বিত্তমন্ত্ৰী মনপ্ৰীত সিং বাদল আৰু আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানেও টুইট যোগে গভীৰ শোক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃপ্ৰসিদ্ধ সংগীত পৰিচালক, গায়ক বাপ্পী লাহিড়ীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply