নিউজ ডেস্ক : হিন্দী ছবি জগতৰ জনপ্রিয় অভিনেতা ৰণধীৰ কাপুৰ ক’ভিডত আক্রান্ত। আই চি ইউত ভৰ্তি কৰোৱা হৈছে অভিনেতাগৰাকীক। অভিনেতা গৰাকীৰ স্বাস্থ্য বর্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে লক্ষাধিক লোক আক্রান্ত হৈছে কভিডত। মৃত্যুৰ মুখত পৰিছে কেইবাহাজাৰ কভিড ৰোগী। ভাৰতত ক’ভিড আক্রান্ত লোকৰ সংখ্যা সকলো অভিলেখ ভংগ কৰিছে। বিগত ৯ দিন ধৰি দেশত ধাৰাবাহিকভাৱে ক’ভিড আক্রান্তৰ সংখ্যাই তিনি লাখ অতিক্ৰম কৰিছে।

ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি ছবি জগতৰ কেইবাগৰাকী অভিনেতা ক’ভিডৰ কবলত পৰিছে। ক’ভিডৰ পৰা ৰক্ষা পৰা নাই সাংবাদিকো। ইতিমধ্যে দেশৰ কেইবাগৰাকী সাংবাদিকৰ মৃত্যু ঘটিছে ক’ভিডত আক্রান্ত হৈ। এইবাৰ হিন্দী ছবি জগতৰ বিখ্যাত কাপুৰ পৰিয়ালৰ পুত্ৰ ৰণধীৰ কাপুৰ আক্রান্ত হৈছে ক’ভিডত।

ক’ভিডত আক্রান্ত হোৱাৰ পিছতে অভিনেতা গৰাকীক ভৰ্তি কৰোৱা হৈছে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত। আই চি ইউত চিকিৎসাধীন অৱস্থাত থকা অভিনেতা গৰাকীৰ স্বাস্থ্য বর্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply