নিউজ ডেস্কঃ অৰুণাচলৰ মেছুকাত হঠাৎ অসুস্থ হৈ পৰিল বলীউড অভিনেতা সঞ্জয় দত্ত। অৰুণাচল প্ৰদেশৰ ৰাজ্যৰ নামাকৰণৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দুটা দিনৰ বাবে মেচুকালৈ আহিছিল অভিনেতাগৰাকী।

পিছে অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজতে হঠাৎ অভিনেতা গৰাকী অসুস্থ হৈ পৰাত আজি সেনাৰ বিশেষ হেলিকপ্টাৰ জৰিয়তে পুনৰ ঘূৰি আহিল অসমৰ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰলৈ।

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে ডিব্ৰুগড়ৰ বিমানবন্দৰতে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত অভিনেতাগৰাকীয়ে কিছু সময় জিৰণি লয়। ইয়াৰ পাছতে উন্নত চিকিৎসা বাবে তেওঁ দিল্লী অভিমুখে ৰাওনা হয়।

লগতে পঢ়কঃঅৱসৰৰ দিনাই ছুটীৰ বেতন আৰু জিআইএছৰ অনুমোদন পত্ৰ প্ৰদান

সোমবাৰে বিশেষ বিমানেৰে আহি মোহনবাৰী বিমানবন্দৰত জিৰণি লৈ দুপৰীয়া উৰা মাৰিছিল মেছুকালৈ।পুনৰ মেছুকাৰ পৰা ১ ডিচেম্বৰত ঘুৰি যোৱাৰ কথা আছিল যদিও অসুস্থ হৈ পৰে সঞ্জয় দত্ত।

উল্লেখযোগ্য যে, সঞ্জয় দত্তৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply