নিউজ ডেস্ক : বিতৰ্কিত মন্তব্যৰে ধৰ্মীয় অনুভূতিত আঘাট সনাৰ অভিযোগত মধ্য প্ৰদেশ আৰক্ষীয়ে হিন্দী সৰু পৰ্দাৰ অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
প্ৰাপ্ত তথ্য মতে মধ্য প্ৰদেশৰ গৃহ মন্ত্ৰী নৰোট্টম মিশ্ৰই অভিনেত্ৰী গৰাকীৰ উক্ত মন্তব্যৰ ওপৰত আৰক্ষীক তদন্ত কৰি এক প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ দিয়াৰ পিছতে তিৱাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
উল্লেখযোগ্য যে অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে বুধবাৰে ভূপালত তেওঁৰ ৱেব ছিৰিজ ‘শ্ব’ ষ্টপাৰ’ৰ এক প্ৰচাৰ অনুষ্ঠানত উক্ত বিতৰ্কিত মন্তব্যটো কৰিছিল।
বিভিন্ন সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীয়ে অনুষ্ঠানটোত কৰা উক্ত বিতৰ্কিত মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত তেওঁ ‘মোৰ ব্ৰাৰ জোখ ভগৱানে লৈ আছে’ বুলি কোৱা শুনা যায়।
উক্ত মন্তব্য কৰাৰ সময়ত অভিনেত্ৰী গৰাকীৰ ওচৰত তেওঁৰ সহ অভিনেতা-অভিনেত্ৰী সকলো উপস্থিত আছিল।
চনু প্ৰজাপতি নামৰ এজন স্থানীয় লোকে দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ২৯৫(এ)ৰ অধীনত গোচৰ ৰুজু কৰা হয় বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
লগতে পঢ়ক – উত্তৰ-পূব মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপত এন ডি ২৪ৰ অগ্ৰগতি