নিউজ ডেস্ক : অভিনেতা চনু সুদৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেতা গৰাকীয়ে। ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত ডাঙৰ পৰ্দাত ভিলেইনৰ অভিনয় কৰা অভিনেতা গৰাকী বাস্তৱ জীৱনত হাজাৰ হাজাৰ লোকৰ বাবে হিৰো হৈ পৰিছিল।
ক’ভিডৰ প্ৰথমটো ঢৌৰ সময়ত চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰাত বহিঃৰাজ্যত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা বিভিন্ন ৰাজ্যৰ লোক এক বৃহৎ সমস্যাত পৰিছিল। এই শ্ৰমিক সকল নিজ নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ বাবে কোনো ধৰণৰ যাতায়ত ব্যৱস্থা লাভ নকৰাত এই সকল লোকৰ সন্মুখত ভগৱান হিচাপে থিয় দিছিল অভিনেতা চনু সুদ।
হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিক সকলৰ বাবে ভগৱান হিচাপে তেওঁলোকৰ সন্মুখত থিয় দিয়া এই গৰাকী বিখ্যাত অভিনেতাৰ ঘৰৰ লগতে কাৰ্যালয়ত কিছুদিন পূৰ্বে চলিছিল আয়কৰ বিভাগৰ অভিযান। অভিনেতা গৰাকীৰ ঘৰ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযান সন্দৰ্ভত অৱশেষত অভিনেতা গৰাকীয়ে প্ৰকাশ কৰিলে স্পষ্টীকৰণ।
সোমবাৰে অভিনেতা চনু সুদে নিজৰ সামাজিক মাধ্যম প্লেটফৰ্মত স্পষ্টীকৰণ প্ৰকাশ কৰি আয়কৰ বিভাগৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
অভিনেতা গৰাকীয়ে টুইটযোগে কয় যে সদায় কাহিনীত নিজৰ পক্ষত কব নালাগে। তেওঁ নিজকে ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰতিশ্ৰুতি দিয়া বুলি কয়। অভিনেতা গৰাকীয়ে লগতে কয়, “আনকি কঠিন ৰাস্তাত যাত্ৰাও সহজ যেন লাগিব পাৰে। প্ৰতিজন ভাৰতীয়ৰ প্ৰাৰ্থনাৰ প্ৰভাৱ পৰা যেন লাগিছে।”
অভিনেতা গৰাকীয়ে লগতে তেওঁৰ ফাউণ্ডেশ্যনৰ অব্যৱহৃত অৱস্থাত থকা এটকা পৰ্যন্ত দৰিদ্র লোকসকলৰ সহায়ৰ বাবে প্ৰেৰণ কৰিবলৈ ব্যৱস্থা কৰি থকা হৈছে। চনু সুদে কয়, “ইয়াৰ উপৰিও বহু সময়ত মই ব্ৰেণ্ডবোৰক মানৱীয় কাৰণৰ বাবেও মোৰ এণ্ডোৰ্চমেণ্ট মাচুল দান কৰিবলৈ উৎসাহিত কৰিছো, যি আমাক আগুৱাই লৈ যায়।” আয়কৰ বিভাগৰ অভিযান সন্দৰ্ভত তেওঁ কয় “যোৱা ৪ দিনধৰি অতিথিসকলৰ সৈতে উপস্থিত আছিল। কিন্তু পুনৰ নম্ৰতাৰে সকলোকে সেৱা আগবঢ়াইছিল। “মোৰ যাত্ৰা অব্যাহত আছে জয় হিন্দ”।
লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰী তদন্তৰ প্ৰতিবেদন গ্ৰহন
উল্লেখ্য যে অভিনেতা চনু সুদৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰ বিভাগৰ অভিযানৰ পিছত আয়কৰ বিভাগে অভিনেতা গৰাকীৰ বিৰুদ্ধে ২০ কোটি টকাৰ কৰ ফাঁকি সম্পৰ্কীয় আপত্তিজনক প্ৰমাণ বিচাৰি পাইছিল। বিত্ত মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, মুম্বাই, লক্ষ্ণৌ, কানপুৰ, জয়পুৰ, দিল্লী আৰু গুৰগাঁৱত থকা মুঠ ২৮ টা চৌহদ অনুসন্ধান অভিযানত অন্তৰ্ভুক্ত কৰা হৈছিল। য’ত চনু সুদৰ হিচাপ বিহীন উপাৰ্জন, ভুৱা অসুৰক্ষিত ঋণ আৰু প্ৰতিষ্ঠানৰ ৰূপত উদ্ধাৰ কৰিছিল।