ব্ৰুচ লী, জেকি চান আদিৰ দৰে বিশ্বৰ কিংবদন্তি সমৰ কলাবিদৰ সৈতে একে শাৰীতে নাম আহিছে এগৰাকী ভাৰতীয় অভিনেতাৰ। অভিনেতা গৰাকীৰ নাম হৈছে বিদ্যুৎ জামৱাল।

গুগলত ‘টপ মাৰ্টিয়েল আৰ্টিষ্ট ইন দ্যা ৱৰ্ল্ড’ বুলি টাইপ কৰিলে বলিউডৰ এই অভিনেতা গৰাকীৰ নাম আহে। শনিবাৰে অভিনেতাজনে ইয়াৰ এক স্ক্ৰিনশ্বট শ্বেয়াৰ কৰাৰ পিছৰে তেওঁ ট্ৰেণ্ডিঙত আছে।

তেওঁ শ্বেয়াৰ কৰা স্ক্ৰিনশ্বটটোত থকা তাৰকা মাৰ্টিয়েল আৰ্টিষ্টসকল হৈছে ব্ৰুচ লী, জেকি চান, জ’নি ত্ৰাই নুয়েং, ষ্টিভেন শ্বিগাল, ডনি য়েন আৰু টনি জা।

উল্লেখযোগ্য যে বিদ্যুৎ জামৱালে তিনি বছৰ বয়সৰ পৰাই ‘কালাৰিপায়াট্টু’ নামৰ ভাৰতীয় ভাৰতীয় সমৰ কলা বিধৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

ফ’ৰ্চ ছবিখনেৰে বলিউডৰ পদাৰ্পন কৰা বিদ্যুতে কমাণ্ড’, জাংলি, খুদা হাফিজ আদি ছবিত প্ৰদৰ্শন কৰা দুঃসাহসিক ষ্টাণ্টৰ জৰিয়তে দৰ্শৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক : চাকৰি : এন আই টি (NIT) শিলচৰত ৫৫টা পদত নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply