নিউজ ডেস্ক : বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱত কভিডত আক্রান্ত হৈছে। কুইন নামেৰে বিখ্যাত অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামযোগে কভিডত আক্রান্ত হোৱাৰ কথা অৱগত কৰিছে। বৰ্তমান কোৱাৰেণ্টাইন থকা অভিনেত্ৰী গৰাকীয়ে সকলোকে সুৰক্ষিত থাকিবলৈ ক’ভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাইছে।
নিজৰ অভিনয়ৰ সমান্তৰালে টুইটৰত বিতৰ্কিত পোষ্ট লিখি সদায় চৰ্চাত থকা বলিউডৰ কুইন কংগনা ৰাণাৱত এইবাৰ ক’ভিডত আক্রান্ত হৈছে। অভিনেত্ৰীৰ গৰাকী কভিডত আক্রান্ত হোৱাৰ খবৰ নিজৰ ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰিছে। অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰামযোগে জানিবলৈ দিয়ে যে তেওঁ ক’ভিড টেষ্ট কৰিছিল আৰু ফলাফল পজিটিভ আহিছে।
অভিনেত্ৰী গৰাকীয়ে লিখিছে যে তেওঁ কিছুদিন ধৰি দুৰ্বল অনুভৱ কৰি আছিল আৰু ক’ভিড টেষ্ট কৰাত তেওঁৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। অভিনেত্ৰী গৰাকীয়ে সকলোকে সুৰক্ষিত থাকিবলৈ আহ্বান জনাই সকলোকে কভিড প্ৰ’টকল মানি চলিবলৈ অনুৰোধ জনায়।
ক’ভিডত আক্রান্ত অভিনেত্ৰী কংগনা ৰাণাৱত বর্তমান কোৱাৰেণ্টাইন আছে। অভিনেত্ৰী গৰাকীয়ে লগতে লিখিছে যে কভিডক আমি একেলগে মিলি পৰাজিত কৰিব লাগিব। ক’ভিড কেলৱ মাত্ৰ এটা ফ্লু হয়। সংবাদ মাধ্যমত ক’ভিড সম্পৰ্কে বেছিকৈ প্ৰকাশ কৰা হৈছে।