নিউজ ডেস্কঃ বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা অভিনেতা অনুপম খেৰৰ পত্নী কিৰণ খেৰ ব্লাড কেন্সাৰক আক্ৰান্ত হৈছে।
৬৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে সম্প্ৰতি মুম্বাইত চিকিৎসা গ্ৰহণ কৰি আছে।
চণ্ডীগড়ৰ বিজেপিৰ সভাপতি অৰুণ সুদে এই সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰে। অভিনেত্ৰী গৰাকীৰ এই ৰোগটো যোৱা বৰ্ষৰ নৱেম্বৰ মাহত চিনাক্ত হৈছিল।
আৰু পঢ়কঃছুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা প্ৰদান
লগতে বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে- “তেওঁ বিগত বছৰৰ নৱেম্বৰ মাহত বাওঁহাতখন ভঙাত স্বাস্থ্য পৰীক্ষা কৰাওঁতে মাল্টিপ’ল মায়েল’মাৰ লক্ষণ ধৰা পৰে। এইবিধ ৰোগ ব্লাড কেন্সাৰৰ এটা প্ৰকাৰ। ৰোগটো তেওঁৰ বাওঁ হাতৰ পৰা বাহুলৈকে বিয়পি পৰিছিল।৪ ডিচেম্বৰত মুম্বাইলৈ লৈ অনা হ’ল। কোকিলা বেন হস্পিতালত তেওঁৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা চলি আছে।”
স্বামী অনুপম খেৰে ছচিয়েল মিডিয়াত এটা পোষ্ট কৰি পত্নীৰ স্বাস্থ্যৰ বিষয়ে উল্লেখ কৰে।
কিৰণ খেৰে ২০১৪চনত প্ৰথমবাৰ লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। তেওঁ কংগ্ৰেছৰ পৱন বাঞ্চাল আৰু আম আদমী পাৰ্টীৰ প্ৰাৰ্থী গুল পনাগক পৰাস্ত কৰিছিল।
২০১৯চনত পুনৰ কিৰণ খেৰে পৱন বাঞ্চালক হৰুৱাই লোকসভাৰ প্ৰাৰ্থীত্ব লাভ কৰিছিল।
আৰু পঢ়কঃ নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিলে জাননী