নিউজ ডেস্ক : দেশত অব্যাহত আছে কভিড মহামাৰীৰ ছুনামি। প্ৰতিদিনে দেশত কভিডৰ দ্বিতীয় ঢৌৱত আক্রান্ত হৈছে লক্ষাধিক লোক, প্ৰাণ হেৰুৱাইছে হাজাৰ হাজাৰ লোকে। কভিডৰ এই দ্বিতীয় ঢৌৱে ইতিমধ্যে প্ৰাণ লৈছে ছবি জগতৰ কেইবাগৰাকী শিল্পীৰ। বলিউডৰ পৰা আৰম্ভ কৰি দক্ষিণ ভাৰতৰ ছবি জগতৰ শিল্পী, ভোজপুৰী ছবি জগতৰ পৰা আৰম্ভ কৰি অসমৰ সংগীত জগতৰ শিল্পী প্ৰাণ হেৰুৱাইছে কভিডত আক্রান্ত হৈ।
কভিডৰ বাবে পুনৰবাৰ ভাৰতীয় ছবি জগতত বাবে আহিছে বেয়া খবৰ। এইবাৰ কভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে বলিউড, দক্ষিণ ভাৰত আৰু ভোজপুৰী ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰীপৰ্দাই। চিনে এণ্ড টিভি আৰ্টিষ্ট এছোচিয়েছনৰ সাধাৰণ সম্পাদক অমিত বহলে শ্ৰীপৰ্দাৰ মৃত্যু সম্পৰ্কে জানিবলৈ দিয়ে। অমিত বহলে কয় ” অভিনেত্ৰী শ্ৰীপৰ্দাৰ কভিড ফলত মৃত্যু ঘটিছে। তেওঁ আমাৰ সদস্য আছিল”।
উল্লেখ্য যে শ্ৰীপৰ্দাই ১৯৭৮ চনত ছবি জগতলৈ আহিছিল। ১৯৭৮ চনত মুক্তি লাভ কৰা “পুৰাণা পুৰুষ” আছিল অভিনেত্ৰী গৰাকীৰ প্ৰথমখন ছবি। শ্ৰীপৰ্দাই হিন্দী ছবি জগতৰ জনপ্ৰিয় অভিনেতা বিনোদ খান্না, গোলছণ গ্ৰোৱৰ, গবিন্দাৰ লগতে কেইবাগৰাকী বিখ্যাত অভিনেতাৰ বিপৰীতে অভিনয় কৰিছিল।