নিউজ ডেস্কঃ বলীউদ অভিনেত্ৰী তথা সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ”বালিকা বধু”ৰ ”দাদি ছা ” কল্যাণী দেৱীৰ চৰিত্ৰত অভিনয় কৰা সুৰেখা ছিক্ৰিৰ দেহাৱসান।

শুকুৰবাৰে পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫বছৰ।

অভিনেত্ৰীগৰাকীৰ দুবাৰকৈ ব্ৰেইন ষ্ট্ৰোক হৈছিল। ২০১৮ চনত এবাৰ আৰু ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয়বাৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল। হস্পিতালত কিছুদিন ৰখাৰ পাছত তেওঁক ডিচাৰ্জ দিয়া হৈছিল।

অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবতি ল’লে দ্বিগজ অভিনেত্ৰী গৰাকীয়ে।

১৯৪৫ চনৰ ১৯ এপ্ৰিলত দিল্লীত জন্ম গ্ৰহণ কৰছিল সুৰেখা ছিক্ৰিয়ে। নেছনেল স্কুল অৱ ড্ৰামাৰ পৰা অভিনয়ৰ শিক্ষা গ্ৰহণ কৰা সুৰেখাই ১৯৭৮ চনত পলিটিকেল ড্ৰামা ‘কিচ্ছা কুৰ্ছী কা’ ৰ পৰা অভিনয় জীৱন আৰম্ভ কৰি কেইবাখনো হিন্দী আৰু মালায়লম চিনেমাত অভিনয় কৰিছিল। তমস, ছলিম লংড়ে পৰ মত ৰোঁ, লিটিল বুদ্ধা, ছৰফৰোছ, কালি ছলৱাৰ, ৰেইনকোট, তুমছা নহী দেখা, দেৱ ডি, জুবেইডা, বধাই হোঁ আদিৰ দৰে বহু চিনেমাত তেওঁ অভিনয় কৰিছিল।

চিনেমাৰ উপৰিও সুৰেখাই বালিকা বধু, এক থা ৰাজা এক থী ৰাণী, পৰদেশ মে হে মেৰা দিল, সাত ফেৰে, বনেগী অপনী বাত আদিৰ দৰে বহুকেইখন হিন্দী চিৰিয়েলটো অভিনয় কৰিছে।

সুৰেখা ছিক্ৰিয়ে ৩ বাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ১৯৮৯চনত তেওঁ সংগীত নাটক একাডেমী এৱাৰ্ডো লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply