নিউজ ডেস্কঃ সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী মন্দিৰা বেদীৰ স্বামী পৰিচালক ৰাজ কৌশলৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ বুধবাৰে পুৱা ৪বাজি ৩০ মিনিটত মৃত্যু হয় পৰিচালকগৰাকীৰ।

হৃদৰোগত আক্ৰান্ত হোৱা ৰাজ কৌশলক পৰিয়ালৰ লোকে হস্পিতাললৈ লৈ গৈছিল যদিও ইতিমধ্যে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত ৰাজ কৌশলৰ বয়স হৈছিল ৪৯বছৰ।

ৰাজ কৌশলে ৯০’দশকৰ শেষৰ ফালে পৰিচালক আৰু প্ৰযোজক হিচাপে বলীউদত আত্মপ্ৰকাশ কৰিছিল।

বলীউদৰ চলচ্চিত্ৰ ”এন্থনী কৌন হেই” (২০০৬), ”শাদী কা লাড্ডু”(২০০৪) আৰু  ”প্য়াৰ মে কভী কভী” (১৯৯৯) তেওঁ পৰিচালনা কৰিছিল লগতে মাই ব্ৰাডাৰ নিখিল… (২০০৫), শাদী কা লাড্ডু”(২০০৪) আৰু ”প্য়াৰ মে কভী কভী” (১৯৯৯) এই চলচ্চিত্ৰ কেইখনৰ প্ৰযোজনাও কৰিছিল।

তেওঁ ২০০৬ চনত আৰ্শ্বাদ ৱাৰ্চী, সঞ্জয় দত্ত আৰু মিনিষা লাম্বা অভিনীত ‘এন্থনি কৌন হে’ চলচ্চিত্ৰৰ জৰিয়তে বলীউদত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল।

ইয়াৰ পূৰ্বে ”শাদী কা লাড্ডু”(২০০৪),”প্য়াৰ মে কভী কভী” (১৯৯৯) আৰু মাই ব্ৰাডাৰ নিখিল… (২০০৫) চলচ্চিত্ৰত পৰিচালক অনিৰৰ লগত সহ-পৰিচালক হিচাপে তেওঁ কাম কৰিছিল।

বহু বছৰৰ প্ৰেমৰ সম্পৰ্কৰ পিছত ৰাজ কৌশলে ১৪ফ্ৰেব্ৰুৱাৰী,১৯৯৯চনত সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী মন্দিৰা বেদীৰ লগত বিবাহপাশত আবদ্ধ হয়।

২০১১ চনত তেওঁলোকৰ মাজলৈ আহিল এটি পুত্ৰ সন্তান। সন্তানটিৰ নাম বীৰ। বিগত ২০২০ বৰ্ষৰ জুলাই মাহত তেওঁলোকে এগৰাকী কন্যা সন্তানো adopt কৰে।

ৰাজ কৌশলে শেহতীয়াকৈ ”’Akkad Bakkad” নামৰ এখন ৱেব ছিৰিজৰ পৰিচালনাৰ কামত ব্যস্ত আছিল। এই ৱেব ছিৰিজ খনৰ অধিকাংশ দৃশ্যগ্ৰহণ মধ্য প্ৰদেশত চলি আছিল।

লগতে পঢ়কঃপ্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ পুনৰ চিকিৎসাধীন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply