নিউজ ডেস্কঃ আদানি গ্ৰুপৰ অন্যতম প্রতিষ্ঠান আদানি এয়াৰপ’ৰ্টছে আগন্তুক সময়ত আৰু অধিক বিমান বন্দৰ অধিগ্ৰহণৰ বাবে পৰিকল্পনা কৰি আছে।

প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ বাঞ্চালে বুধবাৰে চেণ্টাৰ ফৰ এভিয়েচন ছামিটত উপস্থিত থাকি কয় যে, প্রতিষ্ঠানটোৱে ইয়াৰ অধীনত থকা বিমান বন্দৰৰ সংখ্যা আৰু অধিক বৃদ্ধি কৰিব বিচাৰে।

লগতে কয় যে, অহা কেইবছৰমানৰ ভিতৰত এক ডজনতকৈও অধিক বিমান বন্দৰ ব্যক্তিগতকৰণ হোৱাৰ সম্ভাৱনা আছে। যাৰ বাবে প্রতিষ্ঠানটোৱে তেনেবোৰ বিমান বন্দৰৰ নিলাম প্ৰক্ৰিয়াত অংশগ্রহণ কৰি মালিকীস্বত্ব লাভ কৰাৰ আশা কৰিছে।

আদানি এয়াৰপ’ৰ্টছে প্ৰাৰম্ভিক পৰ্যায়ত নৱী মুম্বাইত ২ কোটি যাত্ৰীক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থকা এক বিশেষ এভিয়েচন ইনষ্টিটিউট স্থাপনৰ হকে কাম কৰি আছে বুলি বাঞ্চালে জনায়। যিটো ২০২৪ ৰ ডিচেম্বৰ মাহত কাযক্ষম হ’ব।

উল্লেখযোগ্য যে, আদানি গ্ৰুপৰ অন্যতম প্রতিষ্ঠান আদানি এয়াৰপ’ৰ্টছে বৰ্তমান গুৱাহাটীকে ধৰি দেশৰ মুঠ ৭ টা প্ৰধান বিমান বন্দৰ পৰিচালনা কৰি আছে।

লগতে পঢ়ক – অসমৰ তিনি বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply