নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱান আৰু তেওঁৰ পত্নী আয়েশা মুখাৰ্জীৰ বিবাহ বিচ্ছেদৰ ঘটনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । বিয়াৰ সুদীৰ্ঘ ন বছৰৰ পাছত দুয়োৰে মাজত বিবাহ বিচ্ছেদ ঘটিছে।

পিছে ক্ৰিকেটাৰ গৰাকীৰ ফালৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই।

কিন্তু আয়েশাই ইনষ্টাগ্ৰামত এটা প’ষ্ট শ্বেয়াৰ কৰিছে। যিটো প’ষ্ট দেখি অনুৰাগীসকল নিশ্চিত যে দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছে।

শিখৰ ধাৱান আৰু আয়েশাই ২০১২চনত বিবাহপাশত আবদ্ধ হৈছিল। শিখৰ ধাৱান আছিল আয়েশাৰ দ্বিতীয় স্বামী।

পূৰ্বৰ স্বামীৰ লগত বিবাহ বিচ্ছেদৰ পাছত ক্ৰিকেটাৰ গৰাকীৰ লগত বিবাহত বহিছিল।

শিখৰ ধাৱান আৰু আয়েশা ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। আয়েশা শিখৰ ধাৱানতকৈ ১০ বছৰ ডাঙৰ আছিল।

শিখৰ ধাৱান আৰু আয়েশাৰ সাতবছৰীয়া এটি পুত্ৰও আছে।

লগতে পঢ়কঃ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে ৰাজ্যসভাৰ উপ-নিৰ্বাচন ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply