নিউজ ডেস্ক : তালিবানৰ অহাৰ অপেক্ষাত আছো, কেতিয়া আহে আৰু মোক হত্যা কৰে, এই ভাষ্য আফগানিস্তানৰ প্ৰথম গৰাকী মহিলা মেয়ৰৰ। আফগানিস্তানৰ প্ৰথম গৰাকী মহিলা মেয়ৰ জাৰিফা জাফাৰিৰ ভাষ্য মোক আৰু মোৰ পৰিয়ালক সহায় কৰিবলৈ কোনো নাই। মই মোৰ স্বামীৰ লগত বহি আছোঁ, তেওঁলোক আহিব আৰু মোক হত্যা কৰিব।

তালিবানে আফগানিস্তান দখল কৰাৰ পিছত আফগানিস্তানৰ প্ৰথম গৰাকী মহিলা মেয়ৰ জাৰিফা জাফাৰিয়ে এইদৰে মন্তব্য কৰিছে। আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্রফ ঘনিয়ে তালিবানৰ হাতলৈ আফগানিস্তান যোৱাৰ পিছত দেশ এৰি যোৱাৰ পিছত মহিলা মেয়ৰ গৰাকীয়ে মই ক’ত যাম বুলি প্ৰশ্ন কৰিছে।

কিছুদিন পূৰ্বে এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠনৰ সৈতে হোৱা সাক্ষাৎত জাৰিফা জাফাৰিয়ে আফগানিস্তানৰ ভৱিষ্যত আৰু পৰিস্থিতি উন্নত হোৱাৰ আশা ব্যক্ত কৰিছিল। দেওবাৰে আফগানিস্তান তালিবানৰ দখললৈ যোৱাৰ পিছত জাৰিফা ঘাফাৰীৰ এই আশা ভংগ হয়।

২০১৮ চনত জাৰিফা জাফাৰি আফগানিস্তানৰ মেইদান ৱাৰদক প্ৰান্তৰ পৰা আফগানিস্তানৰ প্ৰথম গৰাকী মহিলা মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল। জাৰিফা জাফাৰিৰ লগতে অন্য বহুতে এতিয়া তালিবান আহি তেওঁলোক হত্যা কৰিব বুলি অপেক্ষাত আছে।

লগতে পঢ়ক : পানীৰ অভাৱত পথাৰত মেলিছে চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ

উল্লেখ্য যে আফগানিস্তানৰ প্ৰথম গৰাকী মহিলা মেয়ৰ জাৰিফা জাফাৰিয়ে পূৰ্বেও তালিবানৰ পৰা মৃত্যুৰ ভাবুকি পাইছিল। যোৱা বছৰ জাৰিফা জাফাৰিৰ পিতৃকো তালিবানে হত্যা কৰিছিল। ২০ দিন পূৰ্বে তালিবানে জাৰিফা জাফাৰিক হত্যাৰ চেষ্টা চলাই তৃতীয়বাৰৰ বাবে বিফল হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply