নিউজ ডেস্কঃ আফগানিস্তানত সংঘটিত হৈছে বিস্ফোৰণ। আফগানিস্তানৰ ৰাজধানী কাবুলত এখন বিদ্যালয়ত তিনিটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বিস্ফোৰণত বহু কেইগৰাকী লোকৰ মৃত্যু হৈছে।
আফগানিস্তান নিৰাপত্তা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই সন্দৰ্ভত কয় যে- মঙলবাৰে পশ্চিম কাবুলৰ এখন বিদ্যালয়ত তিনিটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। আৰু এই বিস্ফোৰণৰ বহু কেইজন লোকৰ মৃত্যু হৈছে।
ইফালে, এই বিস্ফোৰণৰ ফলত প্ৰায় চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি আন ১৪জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই বিস্ফোৰণত। আহত আটাইকেইজন লোককে হাস্পতালত ভৰ্তি কৰা হৈছে।