নিউজ ডেস্কঃ আফগানিস্তানৰ কুন্দুজ চহৰত শুকুৰবাৰে ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। কুন্দুজৰ চৈয়দ আবাদ অঞ্চলৰ এটা মছজিদৰ প্ৰৱেশ দ্বাৰতে বোমাটো বিস্ফোৰণ হয়।
মছজিদটোত নামাজ চলি থকাৰ সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণত প্ৰায় ৫০জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ৬০জনৰো অধিক লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ঘটনাটো সংঘটিত হোৱাৰ সময়ত মছজিদটোত মুঠ ৩০০মান লোকে নামাজ পঢ়ি আছিল।
লগতে পঢ়কঃঅভিনেতা দিলজিৎ দোচাঞ্জক কিয় পিটিলে শ্বেহনাজ গিলে?Video Viral
ঈদগাহ মছজিদটোক লক্ষ্য কৰিয়েই বোমাটো নিক্ষেপ কৰিছিল। মছজিদটোত তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদৰ মাতৃৰ স্মৃতিত প্ৰাৰ্থনা সভা চলি আছিল।
মুজাহিদে বিস্ফোৰণৰ সন্দৰ্ভত টুইট কৰি কয় যে এই বিস্ফোৰণত কেইবাজনো নাগৰিকে প্ৰাণ হেৰুৱাইছে।
এই বিস্ফোৰণ কোনে সংঘটিত কৰিছে এই কথা এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই যদিও ইছলামিক সংগঠন আইছিছে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। তালিবানে আগষ্টত কাবুল দখল কৰাৰ পিছৰে পৰা তালিবানৰ বিৰুদ্ধে সংগঠনটো যথেষ্ট সক্ৰিয় হৈ উঠিছিল।