নিউজ ডেস্ক : তালিবানে আফগানিস্তানক পুনৰ এবাৰ নিজৰ দখললৈ অনাৰ পিছত দেশখনৰ সাধাৰণ জনতা ভীতিগ্ৰস্ত হৈ পৰিছে। তালিবানৰ ভয়ত হাজাৰ হাজাৰ আফগান জনতাই দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।
যদিও ২০ বছৰ আগতে চলোৱা শাসন ব্যৱস্থাক তেওঁলোকে এতিয়া পৰিৱৰ্তন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে তথাপি মানুহৰ মনৰ পৰা তেওঁলোকৰ প্ৰতি থকা আতংক দূৰ হোৱা নাই। বিশেষকৈ মহিলাসকলৰ ওপৰত তালিবানে চলোৱা ভয়ংকৰ বৰ্বৰতাই পুনৰ সকলোকে আতংকিত কৰি তুলিছে।
মানুহৰ ভয় আৰু শংকাক সত্য প্ৰমাণিত কৰি ইতিমধ্যে কাবুলৰ লগতে আন বিভিন্ন স্থানত তালিবানী সৈন্যই মহিলাক অত্যাচাৰ কৰা ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে, এনে এটা ঘটনাত তালিবানে এগৰাকী মহিলাক ৰাজহুৱা স্থানত বোৰ্খা নিপিন্ধাৰ বাবে হত্যা কৰে।
নিউ য়ৰ্ক পষ্টত প্ৰকাশ পোৱা বাতৰি অনুসৰি কাবুলৰ তাখাৰ অঞ্চলত মহিলা গৰাকীক গুলীয়াই হত্যা কৰা হয়।
লক্ষণীয় কথাটো হ’ল যে একেটা দিনতে, শনিবাৰে, এক সংবাদমেল সম্বোধন কৰি তালিবানে মহিলাৰ প্ৰতি থকা অতীতৰ কেতবোৰ কট্টৰ নিয়ম সলনি কৰা হ’ব বুলি উল্লেখ কৰিছিল।
কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা তেওঁলোকৰ প্ৰথমখন সংবাদমেলত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কৈছিল যে তালিবানে ‘ইছলামিক নিয়মৰ গণ্ডীৰ ভিতৰত থাকি’ মহিলাৰ অধিকাৰক ৰক্ষা কৰিব আৰু শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিব।
‘সমাজত মহিলাসকল যথেষ্ট সক্ৰিয় হ’ব, কিন্তু তেওঁলোক ইছলামৰ পৰিকাঠামোৰ ভিতৰত থাকিব লাগিব,’ মুজাহিদৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান অল জাজিৰাত কোৱা হয়।
ইয়াৰ মাজতে, তালিবানৰ ত্ৰাস আৰু দমনৰ বিৰোধিতা কৰি আফগানিস্তানৰ একাংশ মহিলাক নিজৰ অধিকাৰৰ দাবীত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।
ইৰাণৰ এগৰাকী সাংবাদিকে টুইটাৰত শ্বেয়াৰ কৰা এক ভিডিঅ’ত দেখা গৈছে কিদৰে তালিবানে ঘেৰি থকা কাবুলৰ ৰাজপথত আফগান মহিলাই হাতত বিভিন্ন শ্ল’গানৰ কাগজ লৈ প্ৰতিবাদ সাব্যস্ত কৰা। মহিলাসকলে সামাজিক সুৰক্ষা, কাম কৰাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ তথা ৰাজনৈতিক অংশগ্ৰহণৰ অধিকাৰ লৈ মাত মতা শুনা যায়।
লগতে পঢ়ক : বিভি নাগাৰাথনা হ’ব পাৰে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ