নিউজ ডেস্কঃ ৭০ বছৰৰ পিছত ভাৰতত পুনৰ জন্ম হ’ল চিতা বাঘ। মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আজি চিয়া নামৰ চিতাবাঘ টোৱে চাৰিটাকৈ চিতা পোৱালী প্ৰসৱ কৰে।
প্ৰকল্প চিতাৰ অংশ হিচাপে মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়াসকলে অহৰহ চেষ্টা কৰি আছিল ভাৰতত হেৰাই যোৱা চিতাবাঘৰ প্ৰজাতি পুনৰ উজ্জীৱিত হৈ উঠক। তাৰেই আজি প্ৰতিফলন ঘটে কুনো ৰাষ্ট্ৰীয় উদ্যানত।
সংৰক্ষণ প্ৰকল্পৰ সৈতে জড়িত বিষয়াসকলে আনন্দ প্ৰকাশ কৰি কয় যে, “পোৱালীবোৰৰ জন্ম এটা ইতিবাচক লক্ষণ যে চিতাবোৰে কুনো ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ নতুন পৰিৱেশৰ সৈতে ভালদৰে খাপ খাব পাৰিছে”।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও টুইটাৰ জৰিয়তে টুইট কৰি “Wonderful News” বুলি লিখে।
উল্লেখযোগ্য যে, ১৯৫২ চনতেই চিতাবাঘৰ প্রজাতিৰ ভাৰতত বিলুপ্তি ঘটিছিল। প্ৰায় ৭০ বছৰ পূর্বে ভাৰতৰ পৰা বিলুপ্তি ঘটা চিতাবাঘক পুনৰ উজ্জীৱিত কৰিবৰ বাবে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ অধীনত নামিবিয়াৰ পৰা বিশেষ বিমানযোগে আঠটা চিতাবাঘ ভাৰতৰ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজেই নামিবিয়াৰ পৰা অনা এই আঠটা চিতাবাঘ ৰাষ্ট্রীয় উদ্যানখনত মুকলি কৰি দিছিল। এই চিতা কেইটাৰ ভিতৰত পাঁচটা মাইকী আৰু তিনিটা মতা চিতাবাঘ আছিল।
জানোঁ আহক চিতাবাঘৰ বিষয়ে কিছু কথা,
চিতা হৈছে মুখ্যতঃ আফ্ৰিকা আৰু মধ্য ইৰাণত পোৱা এক বন্য প্ৰাণী। মেকুৰী প্ৰজাতিৰ ভিতৰত চিতা আটাইতকৈ ডাঙৰ মেকুৰী। ই হৈছে দ্ৰুতগতিত চলা ফুৰা কৰা জন্তু। যিয়ে প্ৰতি ঘণ্টাত ৯৩ আৰু ৯৮ কিলোমিটাৰ বেগত দৌৰিব পাৰে। ইয়াৰ মূৰৰ পৰা শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ১.১ ৰ পৰা ১.৫ মিটাৰ ভিতৰত। এটা ডাঙৰ চিতাৰ ওজন ২১ ৰ পৰা ৭২ কিলোগ্ৰামৰ ভিতৰত থাকে।
লগতে পঢ়ক – বাল্য বিবাহ নিবাৰণৰ বাবে ডিব্ৰুগড় প্ৰশাসনৰ উদ্যোগত বাটৰ নাট আয়োজন