দেশৰ ৰাজধানী দিল্লীৰ শাসনৰ গুৰু দায়িত্ব উপ–ৰাজ্যপাল অনিল বাইজালৰ হাতত ন্যস্ত কৰিছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখনীয় যে কেন্দ্রীয় চৰকাৰে কিছুদিন পূর্বে গৱর্নমেণ্ট অৱ নেচনেল কেপিটেল টেৰিট’ৰী অৱ দিল্লী (জিএনচিটিডি) আইনৰ সংশোধনী ঘটাই প্রশাসনিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতত ন্যস্ত কৰিছিল৷
বুধবাৰৰ পৰা আনুষ্ঠানিকভাৱে উপ–ৰাজ্যপালে দিল্লীৰ প্রশাসনিক ক্ষমতা লাভ কৰিছে৷ অর্থাৎ এই আইনৰ অধীনস্থ সমগ্র বিষয়ত সিদ্ধান্ত ল’বলৈ হ’লে উপ–ৰাজ্যপালৰ অনুমতি ল’ব লাগিব৷
উপ–ৰাজ্যপালৰ বিচার্য হ’লেহে এই আইনখনৰ অধীনত যিকোনো কাম–কাজ চলোৱাৰ সুযোগ লাভ কৰিব মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ চৰকাৰে৷
আনহাতে তীব্ৰ সমালোচনাৰ অন্তত কেজৰিৱাল চৰকাৰে বাতিল কৰিছে বিতৰ্কিত সিদ্ধান্ত ৷
যি সময়ত সাধাৰন জনতাই অক্সিজেন, বিচনা, ঔষধ, হস্পিতাল বিচাৰি হাহাকাৰ কৰি ফুৰিছে সেই সময়ত কেজৰিৱাল চৰকাৰে দিল্লীৰ বিলাসী হোটেলত ১০০ টা কোঠা ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰিত কৰি তাত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কৰ্মচাৰী আৰু তেওলোকৰ পৰিয়ালক ৰাখিবলৈ প্ৰস্তাব লৈছিল ৷
দিল্লী উচ্চ ন্যায়ালয়ৰ লগতে ৰাইজৰ তীব্ৰ সমালোচনাৰ পিছত বাতিল কৰে এই সিদ্ধান্ত৷