নিউজ ডেস্কঃ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্ট হেক হোৱাৰ পাছত এইবাৰ ৰাজ্যখনৰ চৰকাৰী বিভাগসমূহৰ টুইটাৰ একাউন্টো হেক কৰা হৈছে। ইউ পি চৰকাৰৰ টুইটাৰ একাউন্ট হেক কৰাৰ পাছত কেবাটাও টুইটো কৰিছে হেকাৰে।
লগতে এই টুইটাৰ একাউন্টৰ ডিপি অৰ্থাৎ প্ৰফাইল ফটোও সলনি কৰা হৈছে। অৱশ্যে এই একাউন্ট কেইটা পুনৰ ৰিষ্টোৰ কৰিছে আৰু হেকাৰ কৰা টুইট কেইটা টুইটাৰ হেণ্ডেলৰ পৰা আঁতৰোৱা হৈছে।
ইয়াৰ পূৰ্বে শনিবাৰে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্টটো হেকাৰে হেক কৰিছিল। জানিব পৰা মতে, যোৱা ৫ বছৰত প্ৰায় ৬০০ৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ ছচিয়েল মিডিয়া একাউন্ট হেক কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাত এই সন্দৰ্ভত কৈছিল যে- ২০১৭চনৰ পৰা এতিয়ালৈকে প্ৰায় ৬৪১টা একাউন্ট হেক কৰা হৈছে।