নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ দেশত অব্যাহত আছে। যোৱা কিছুদিন ধৰি দেশত পুনৰ উৰ্ধগামী গৈছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। দেশত পুনৰ আক্রান্তৰ সংখ্যা ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰাত ক’ভিড তৃতীয় ঢৌ অতি শীঘ্ৰে দেশত অহাৰ আশংকা কৰা হৈছে। ইয়াৰ মাজতে যোৱা ২৪ ঘণ্টাত দেশৰ ক’ভিড পৰিস্থিতিৰ কিছু উন্নত হোৱা যে পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তললৈ নামিছে। পাঁচ দিনৰ পিছত দেশত ২৪ ঘণ্টাৰ ভিতৰত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰৰ তলত নামিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩০ হাজাৰ ৯৪১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।

যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে দেশত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৩৫০ জন ক’ভিড ৰোগী। ইয়াৰ পৰিবৰ্তে ক’ভিড যুঁজত বিজয়ী হৈ ২৪ ঘন্টাৰ ভিতৰত সুস্থ হৈ উঠিছে ৩৬ হাজাৰ ২৭৫ জন ক’ভিড ৰোগী। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক।

লগতে পঢ়ক : বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী চতিয়াৰ একাংশ পুৰুষ-মহিলা

৩০ হাজাৰ ৯৪১ জন লোক যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ বিপৰীতে ৩৬ হাজাৰ ২৭৫ জন ক’ভিড ৰোগী সুস্থ হৈ উঠাত আক্রান্তৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৫ হাজাৰ ৬৮৪ জন অধিক। ভাৰতত পুনৰ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ মূলতে আছে কেৰেলা। যোৱা ২৪ ঘন্টাত দেশৰ মুঠ ক’ভিড আক্রান্ত সংখ্যাৰ ৬৫ শতাংশ কেৰেলাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply