নিউজ ডেস্ক : ভাৰতত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। এতিয়াও ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ লোক ক’ভিডত আক্রান্ত হৈ আছে। কেতিয়াবা যদি ২৪ ঘণ্টাৰ ভিতৰত আক্রান্তৰ সংখ্যা হ্ৰাস পায়, কেতিয়াবা আকৌ বৃদ্ধি পায় আক্রান্তৰ সংখ্যা।
বিগত চাৰি দিন ধৰি ভাৰতত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩০ হাজাৰৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৩০ হাজাৰ অতিক্ৰম কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৪ দিনৰ পিছত পুনৰ ভাৰতত ক’ভিডত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ৩০ হাজাৰ ৫৭০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৪৩১ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : বেংকত মহিলাক অশালীন ব্যবহাৰ কৰা যুবকক শিৱসাগৰত গ্ৰেপ্তাৰ
আনহাতে যোৱা ২৪ ঘণ্টাত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৮ হাজাৰ ৩০৩ জন। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৮ হাজাৰ ১৬৪ জন অধিক। যোৱা ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৭ হাজাৰ ৬৮১ জন লোক আক্রান্ত হৈছে কেৰেলাত।