দেশজুৰি ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে।
লক্ষ্ণৌৰ এটা ঘৰত উদ্ধাৰ হৈছে তিনি দিন ধৰি পৰি থকা ক’ভিডত মৃত্যু হোৱা এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ।
উদ্ধাৰৰ সময়ত বৃদ্ধ মহিল গৰাকীৰ ওচৰত তিনিটা কুকুৰ আছিল তেওঁৰ হাত এখন নাছিল বুলি জানিব পৰা গৈছে।
আনহাতে মৃতদেহটো নিবলৈ এম্বুলেঞ্চ নথকাত এখন সৰু ট্ৰাকত উঠাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয়।
আৰক্ষীয়ে জনোৱা মতে তিনিদিন ধৰি ঘৰৰ ভিতৰত পৰি থকা মৃতদেহটোৰ পৰা চাৰিওফালে গোন্ধ ওলোৱাত সমীপৰ লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘৰটোত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
স্থানীয় লোকে জনোৱা মতে যোৱা তিনি বছৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছৰে পৰা মহিলা গৰাকীয়ে ঘৰটোত অকলেই বাস কৰি আছিল।