কোৰোনাৰ আক্ৰান্তৰ হাৰ

নিউজ ডেস্ক : পুনৰ দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা দুই লাখ অতিক্ৰম কৰিলে। মঙলাবাৰৰ দিনটোত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হ’ল ২ লাখ ৮ হাজাৰ ৯২১ জন লোক। আনহাতে ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিলে ৪ হাজাৰ ১৫৭ জন ক’ভিড ৰোগৰী। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠিছে ২ লাখ ৯৫ হাজাৰ ৯৫৫ জন লোক।

সমগ্ৰ দেশতে অব্যাহত আছে মাৰাত্মক ক’ভিডৰ তাণ্ডৱলীলা। যোৱা এপ্ৰিল মাহৰ পৰাই দেশত সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিডত প্ৰাণ হেৰুৱাইছে কেইবা লক্ষাধিক লোক। প্ৰতিদিনে দেশত লাখ লাখ লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।

ভাৰতত মাৰাত্মক ক’ভিডে ইতিমধ্যে সংক্ৰমণৰ দিশত সকলো ৰেকৰ্ড ভংগ কৰিছে। বিগত কিছুদিন ধৰি দেশত ক’ভিড সংক্ৰমণৰ হাৰ কিছু নিয়ন্ত্ৰণলৈ আহিছিল যদিও পুনৰ উৰ্ধগামী হৈছে সংক্ৰমণৰ হাৰ। সোমবাৰে ৪০ দিনৰ পিছত ভাৰতত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা দুই লাখৰ তলত নামিছিল।

সোমবাৰে দেশত ৪০ দিনৰ পিছত ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল ১ লাখ ৯৬ হাজাৰ ৪২৭ জন লোক। সোমবাৰে আক্রান্তৰ সংখ্যা দুই লাখৰ তলত নামিছিল যদিও মঙলাবাৰে পুনৰ আক্রান্তৰ সংখ্যা দুই লাখ অতিক্ৰম কৰে। মঙলাবাৰে নতুনকৈ ক’ভিডত ২ লাখ ৮ হাজাৰ ৯২১ জন লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰে ৪ হাজাৰ ১৫৭ জন ক’ভিড ৰোগৰী।

লগতে পঢ়ক : আজি পবিত্ৰ দিন “বুদ্ধ পূৰ্ণিমা”!চলাপথাৰ বৌদ্ধ বিহাৰত ২৫৬৫ সংখ্যক ‘বুদ্ধ পূৰ্ণিমা’ পালন

ইফালে মঙলাবাৰে দেশত ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠে ২ লাখ ৯৫ হাজাৰ ৯৫৫ জন ক’ভিড ৰোগী। ক’ভিডৰ তাণ্ডৱৰ মাজতে দেশত তীব্ৰ গতিত চলি আছে ভেকচিনেশ্যন কাৰ্যসূচী। ২৫ মে’ পৰ্যন্ত দেশত ২০ কোটি ৬ লাখ ৬২ হাজাৰ ৪৫৬ ড’জ ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply