নিউজ ডেস্ক : দেশত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ অহা ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ হঠাতে বৃদ্ধি পালে। দেশত পুনৰ ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে দেশত। ভেকচিনেশ্যন অব্যাহত থাকৰ মাজতে যোৱা ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘন্টাত ক’ভিডত আক্রান্তৰ সংখ্যা ৪০ হাজাৰতকৈ অধিক। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪৬ হাজাৰ ১৬৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ইয়াৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত দেশত ৬০৭ জন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে।
আনহাতে ক’ভিডৰ লগত যুদ্ধ কৰি যোৱা ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ৩৪ হাজাৰ ১৫৯ জন ক’ভিড ৰোগী। দেশত ক’ভিডত আক্রান্ত হোৱাৰ পিছত সুস্থ হৈ উঠা মুঠ লোকৰ সংখ্যা ৩ কোটি ১৭ লাখ ৮৮ হাজাৰ ৪৪০ বৃদ্ধি পাইছে। ইফালে দেশত বর্তমান ক’ভিড আক্রান্ত হৈ আছে ৩ লাখ ৩৩ হাজাৰ ৭২৫ জন লোক।
লগতে পঢ়ক : কণমানি আলিয়া তাঁতীৰ হত্যাকাণ্ডৰ দুই অপৰাধীক আটক
দেশত বৰ্তমানলৈকে ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা লোকৰ সংখ্যা হৈছে ৪ লাখ ৩৬ হাজাৰ ৩৬৫ জন। সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সমান্তৰালে দেশত ভেকচিনেশ্যন কাৰ্যসূচী অব্যাহত আছে। ৬০ কোটি ৩৮ লাখ ৪৬ হাজাৰ ৪৭৫ পালি ক’ভিড ভেকচিন বর্তমানলৈকে দেশত দিয়া হৈছে।