নিউজ ডেস্ক : ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড সংক্ৰমণৰ হাৰ। পুনৰ প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হ’বলৈ ধৰিছে ভাৰতত। ধাৰাবাহিক ভাৱে তৃতীয় দিনা ভাৰতত ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছ। যোৱা ২৪ ঘণ্টাত ক’ভিড আক্রান্ত ৰোগৰী মৃত্যুৰ সংখ্যাও পাঁচশৰ ওপৰত।
শনিবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি ভাৰতত ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। মৃত্যুৰ মুখত পৰিছে পাঁচশতকৈ অধিক লোক। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪৬ হাজাৰ ৭৫৯ জন লোক।
আনহাতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত দেশত যোৱা ২৪ ঘন্টাত মৃত্যুৰ মুখত পৰিছে ৫০৯ জন লোক। আক্রান্ত সংখ্যা বৃদ্ধি পোৱাত ভাৰতত বৰ্তমান মুঠ ৩ লাখ ৫৯ হাজাৰ ৭৭৫ জন লোক ক’ভিডত আক্রান্ত হৈ আছে। আক্রান্তৰ সংখ্যা ৪০ হাজাৰতকৈ অধিক হোৱাৰ পৰিবৰ্তে সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩০ হাজাৰতকৈ অধিক।
লগতে পঢ়ক : হেৰাই যাবলৈ ধৰা নিজৰ মাতৃভাষাক জীয়াই ৰখাৰ অভিযানত ব্ৰতী এজন অৰুণাচলী লোক
যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩১ হাজাৰ ৩৭৪ জন। কেৰেলা, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক এই পাঁচখন ৰাজ্যত যোৱা ২৪ ঘণ্টাত অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। এই পাঁচখন ৰাজ্যৰ ভিতৰত কেৰেলাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ভিড সংক্ৰমণৰ হাৰ।