নিউজ ডেস্ক : ভাৰতৰ মাৰাত্মক ক’ভিড মহামাৰীৰ সংকট পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিব ধৰা ক’ভিডৰ সংক্ৰমণৰ পুনৰ হঠাৎ বৃদ্ধি পাইছে ভাৰতত। পুনৰ প্ৰতিদিনে ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ভাৰতত। আমেৰিকাৰ পিছতে ভাৰতৰ সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছে। ৪৪ হাজাৰ ৬৫৮ জন লোক নতুনকৈ যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে। আনহাতে যোৱা ২৪ ঘন্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৪৯৬ জন ক’ভিড ৰোগী। ইয়াৰ পৰিবৰ্তে যোৱা ২৪ ঘন্টাত ক’ভিড যুদ্ধত বিজয়ী হৈ সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৩২ হাজাৰ ৯৮৮ জন।

ভাৰতত যোৱা দুদিন ধৰি ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰতকৈ অধিক। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত ভাৰতত ৪৬ হাজাৰ ১৬৪ জন লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল। ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ১১ হাজাৰ ১৭৪ জন অধিক।

লগতে পঢ়ক : পাঁচ জনকৈ ট্ৰাক চালকে কিয় প্ৰাণ দিব লগা হ’ল হাফলঙৰ দিয়ুংমুখত

ভাৰতত হঠাৎ ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে কেৰেলা। কেৰেলাত বিগত সময়ছোৱাত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ আক্রান্ত হোৱা ৪৪ হাজাৰ ৬৫৮ জন লোকৰ ভিতৰৰ ৩০ হাজাৰ ৭ জন কেৰেলাৰ। বিগত দুদিন ধৰি কেৰেলাত ২৪ ঘন্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩০ হাজাৰতকৈ অধিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply