নিউজ ডেস্ক : এদিন পুর্বে ৩০ হাজাৰ ৯৪১ জন লোক ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল। পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাই ৪০ হাজাৰৰ অধিক হৈছে। ভাৰতত এতিয়াও ক’ভিডৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণলৈ অহা নাই। এতিয়াও ভাৰতত প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে ক’ভিড ৰোগী মৃত্যুৰ ধাৰা অব্যাহত আছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মঙলবাৰে ভাৰতত ২৪ ঘণ্টাৰ ভিতৰৰ ৩০ হাজাৰ ৯৪১ জন ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল আৰু বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা পুনৰ ৪০ হাজাৰতকৈ অধিক। যোৱা ২৪ ঘণ্টাত ভাৰতত ৪১ হাজাৰ ৯৬৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৪৬০ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : কোকৰাঝাৰৰ লংগা নদীত মৃতদেহ উদ্ধাৰ
যোৱা ২৪ ঘন্টাত অৱশ্যে ভাৰতত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে ৩৩ হাজাৰ ৯৬৪ জন ক’ভিড ৰোগী। যোৱা ২৪ ঘণ্টাত ভাৰতত সুস্থ হৈ উঠা লোকৰ তুলনাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক। যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকতকৈ নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৭ হাজাৰ ৫৪১ জন অধিক।