নিউজ ডেস্ক : দেশত ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে। ধাৰাবাহিকভাৱে দেশত ক’ভিড আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আছে। এতিয়াও প্ৰতিদিনে দেশত ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ক’ভিড ভেকচিনেশ্যন কাৰ্যসূচী অব্যাহত আছে যদিও হ্ৰাস পোৱা নাই সংক্ৰমণৰ হাৰ।
শনিবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি দেশত পুনৰ যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰতকৈ অধিক লোক ক’ভিডত আক্রান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪২ হাজাৰ ৬১৮ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ইয়াৰ পৰিবৰ্তে ৩৩০ জন ক’ভিড ৰোগী যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে। আনহাতে সুস্থ হৈ উঠিছে ৩৫ হাজাৰ ৩৮৫ জন ক’ভিড ৰোগী।
যোৱা ২৪ ঘন্টাত দেশত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা ৰোগৰী সংখ্যাতকৈ নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা বহু বেছি। ইফালে দেশজুৰি ক’ভিড ভেকচিনেশ্যন কাৰ্যসূচী অব্যাহত আছে যদিও নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে।
লগতে পঢ়ক : জামুগুৰিহাটৰ প্ৰবীণ কবি খগেন হাজৰিকাক “ৰূপহী পাৰৰ কবিতা ”গোষ্ঠীৰ সম্বৰ্দ্ধনা
দেশত ক’ভিড সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণলৈ অহা নাই। বিশেষকৈ দেশৰ অন্য ৰাজ্যৰ তুলনাত কেৰেলাৰ অৱস্থা অতিকৈ ভয়াবহ। বিগত কিছুদিন ধৰি দেশৰ অন্য ৰাজ্যৰ তুলনাত কেৰেলাত আক্রান্তৰ সংখ্যা সৰ্বাধিক। যোৱা ২৪ ঘন্টাত কেৰেলাতে নতুনকৈ আক্রান্ত হৈছে ২৯ হাজাৰ ৩২২ জন লোক। আনহাতে যোৱা ২৪ ঘণ্টাত কেৰেলাত মৃত্যু হোৱা ক’ভিড ৰোগীৰ সংখ্যা ১৩১ জন।