নিউজ ডেস্ক : এতিয়াও দেশত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌ। দেশত আকৌ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ। বিগত কিছুদিন ধৰি ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাইছিল যদিও পুনৰ আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫ হাজাৰতকৈ অধিক হোৱাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৩৬ হাজাৰ ৫৭১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আক্রান্তৰ সংখ্যাৰ লগতে দেশত মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৫৪০ জন ক’ভিড আক্রান্ত ৰোগী।
লগতে পঢ়ক : স্নাতক পৰ্যায়ত নামভৰ্তিৰ নামত ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানৰ বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ
যোৱা ২৪ ঘণ্টাত ক’ভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও দেশত ক’ভিড সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে। দেশত মুঠ সংক্ৰমিত লোকৰ সংখ্যা ৪ লাখৰ তললৈ নামিছে। বৰ্তমান দেশত মুঠ ৩ লাখ ৬৩ হাজাৰ ৬০৫ জন লোক ক’ভিডত আক্রান্ত হৈ আছে।