নিউজ ডেস্ক : ভাৰতত ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। লাহে লাহে দেশত ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাৰ হাৰ তললৈ নামিবলৈ ধৰিছে। আক্রান্তৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাও হ্ৰাস পাইছে যদিও যোৱা ২৪ ঘন্টাত দেশত পুনৰ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত ৬৪৮ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ সমান্তৰালে যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩৭ হাজাৰ ৫৯৩ জন লোক।
লগতে পঢ়ক : চতুৰ্থ দিনাও জীৱন মৃত্যুৰে যুঁজি আছে মৰিঢলৰ নন্দিতাই
দেশত যোৱা ২৪ ঘন্টাত ৩৭ হাজাৰ ৫৯৩ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ পিছত মুঠ আক্রান্তৰ সংখ্যা ৩ লাখ ২২ হাজাৰ ৩২৭ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৬৪৮ জন ক’ভিড ৰোগীৰ মৃত্যুৰ পিছতে মুঠ মৃতকৰ সংখ্যা দেশত ৪ লাখ ৩৫ হাজাৰ ৭৫৮ জনলৈ বৃদ্ধি পাইছে।