নিউজ ডেস্ক : দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্রান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৫০৭ জন ক’ভিড ৰোগী। দেশত মুঠ ক’ভিড পজিটিভৰ সংখ্যা ৩ কোটি ১২ লাখ ৫৭ হাজাৰ ৭২০ ৰ ঘৰ স্পৰ্শ কৰিছে। আনহাতে দেশত ক’ভিডত আক্রান্ত হৈ বর্তমানলৈকে ৪ লাখ ১৮ হাজাৰ ৯৮৭ জন লোকৰ মৃত্যু হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৪০ হাজাৰতকৈ অধিক। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪১ হাজাৰ ৩৮৩ জন লোক। ২৪ ঘণ্টাত ক’ভিড আক্রান্তৰ সংখ্যা দেশত পুনৰ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে ৫০৭ জন ক’ভিড ৰোগী।

লগতে পঢ়ক : যোৱা ৬ মে’ৰ পৰা বন্ধ হৈ থকা ৰোপৱে সেৱা বৃহস্পতিবাৰৰ পৰা পুনৰ মুকলি

ইয়াৰ পৰিবৰ্তে যোৱা ২৪ ঘণ্টাত ক’ভিডক পৰাস্ত কৰি দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৮ হাজাৰ ৬৫২ জন। বৰ্তমানলৈকে দেশত সুস্থ হৈ উঠা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪ লাখ ২৯ হাজাৰ ৩৩৯ জন। আনফালে স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২২ লাখ ৭৭ হাজাৰ ৬৭৯ জন লোকক ক’ভিড ভেকচিন দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply