নিউজ ডেস্ক : পুনৰ কেইবাবিধো সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ। জি এছ টি আৰোপ কৰা সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি হ’ব সোমবাৰৰ পৰা। চিৰা, মুৰি, দৈ, পনিৰ, গুৰ, মৌ, চাউল, আটাকে আদি কৰি প্ৰায় ২৫ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ ফলত মূল্যবৃদ্ধি হ’ব।

মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ ৰাইজক জলা-কলা খুৱাই থকাৰ সময়তে পুনৰ ২৫ বিধ সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাত সৰ্বসাধাৰণ ৰাইজৰ মূৰত অধিক মাধমাৰ পৰিব। কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা ২৫ বিধ সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চিৰা, মুৰি, দৈ, পনিৰ, গুৰ, মৌ, চাউল, আটা, আখৈ, পিঠাগুৰি, এল ই ডি লাইট, চামৰাৰ সামগ্ৰীকে আদি কৰি ২৫ বিধ সামগ্ৰীৰ ওপৰত আজিৰ পৰা জি এছ টি আৰোপ কৰা হৈছে।

চণ্ডীগড়ত অনুষ্ঠিত ৪৭ সংখ্যাক জি এছ টি পৰিষদৰ বৈঠকত কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে ২৫ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই অত্যাৱশ্যকীয় সামগ্ৰী সমূহত জি এছ টি আৰোপ কৰাৰ পিছতে এই সামগ্ৰী সমূহৰ মূল্য পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাব।

লগতে পঢ়ক –  বৃহৎ পৰিমাণৰ অপিয়ামসহ দুজন গুৱাহাটী ৰে’ল আৰক্ষীৰ জালত

উল্লেখ্য যে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বহু সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰা হৈছে সোমবাৰৰ পৰা। বহু সামগ্ৰীৰ ওপৰত ১৫ শতাংশ আৰু বহু সামগ্ৰীৰ ওপৰত ১৮ শতাংশ পৰ্যন্ত জি এছ টি আৰোপ কৰা হৈছে। ইফালে সোমবাৰৰ পৰা প্ৰথমবাৰৰ বাবে কেঁচা চাহ পাতৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply