নিউজ ডেস্ক : ভাৰতত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। ভাৰতত এতিয়াও প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে বহু ক’ভিড ৰোগী। বিগত কিছুদিন ধৰি ভাৰতত আক্রান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল যদিও পুনৰ যোৱা ২৪ ঘণ্টাত আক্রান্ত সংখ্যা বৃদ্ধি পাইছে।
বিগত কিছুদিন ধৰি প্ৰতিদিনে আক্রান্ত হোৱা লোকৰ সংখ্যা ৩০ হাজাৰৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত আক্রান্ত সংখ্যা পুনৰ ৩০ হাজাৰতকৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৩৫ হাজাৰ ৬৬২ জন।
ইফালে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগীৰ সংখ্যা ২৮১ জন। আনহাতে ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩৩ হাজাৰ ৭৯৮ জন। অৰ্থাৎ ভাৰতৰ যোৱা ২৪ ঘণ্টাত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যাতকৈ নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক।
লগতে পঢ়ক : গুৰুতৰভাৱে অসুস্থ কাৰেংঘৰ থিয়েটাৰৰ প্রযােজক সােণমণি দত্ত
ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত বৰ্তমান কেৰেলাৰ ক’ভিড পৰিস্থিতি অধিক ভয়াবহ হৈ আছে। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ আক্রান্ত হোৱা ৩৫ হাজাৰ ৬৬২ জন লোকৰ ভিতৰৰ কেৰেলাৰে ২৩ হাজাৰ ২৬০ জন লোক। কেৰেলাৰ ১৩১ জন ক’ভিড ৰোগী যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে।