নিউজ ডেস্ক : বৰ্তমান আমাৰ দেশখন অতিকৈ এক জটিল পৰিস্থিতিৰ মাজেৰে গৈ আছে। মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ ভয়াবহ হৈ পৰাত দেশৰ পৰিস্থিতিৰ দিনক দিনে অধিক অৱনতি ঘটিছে। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে কেইবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে যদিও এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত ভাৰতত ক’ভিডৰ সংক্ৰমণৰ হাৰ।
দেশত প্ৰতিদিনে কেইবা লক্ষাধিক লোক নতুনকৈ কভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে কেইবা হাজাৰ লোক। সংক্ৰমণৰ হাৰ পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে যদিও প্ৰতিদিনে দুই লাখতকৈ অধিক লোক আক্রান্ত হৈ থকাৰ লগতে প্ৰতিদিনে ৪ হাজাৰ ক’ভিড ৰোগৰী মৃত্যু ঘটি আছে দেশত।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২ লাখ ৫৭ হাজাৰ ২৯৯ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰিছে ৪ হাজাৰ ১৯৪ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ৩ লাখ ৫৭ হাজাৰ ৬৩০ জন লোক।
আৰু পঢ়কঃ পুঠিমাৰী নৈৰ গৰাখহনীয়াই নিদ্ৰাহৰিছে গোৰেশ্বৰৰ নৈ পৰীয়া ৰাইজৰ
উল্লেখ্য যে বৃহস্পতিবাৰৰ দিনটোত ২৪ ঘন্টাত ভাৰতত ক’ভিডত নতুনকৈ আক্রান্ত হৈছিল ২ লাখ ৫৯ হাজাৰ লোক। বৃহস্পতিবাৰে মৃত্যুৰ মুখত পৰিছিল ৪ হাজাৰ ৯০২ জন ক’ভিড ৰোগী। দেশত ক’ভিডৰ ফলত মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ। আনহাতে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ হাৰ হৈছে ৮৭ শতাংশ।